কৃষি আইন বাতিলৰ দাবীত পুনৰ ভাৰত বন্ধ।
শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ ঘোষণা কৰিছে কৃষক সংগঠনসমূহে।
ভাৰত বন্ধৰ সময়ছোৱাত সমগ্ৰ দেশতে ৰে’ল চলাচল, বজাৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।
বন্ধৰ দিনটোত কেইবাখনো ৰাজ্যত গাখীৰ আৰু শাক-পাচলিৰ যোগান বন্ধ হোৱাৰ সম্ভাৱনা।
কৃষক সংগঠনসমূহে ভাৰত বন্ধ ঘোষণা কৰাৰ লগতে পঞ্জাৱত কৃষকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচীও ৰূপায়ন কৰিব।
লগতে কৃষক সংগঠনসমূহে ৰাইজক আহ্বান জনাই যে, শুকুৰবাৰৰ দিনটোত ১২ ঘণ্টাৰ বাবে নিজৰ দোকান আৰু কাৰ্যালয় বন্ধ ৰাখক।
Photo Credit: Google