নিৰ্বাচনৰ এদিন পূৰ্বে সমগ্ৰ দেশ অচল হৈ পৰিব।
২৬ মাৰ্চত সমগ্ৰ ভাৰত বন্ধৰ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ।
বিগত ৪মাহ ধৰি কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে।
প্ৰতিবাদী কৃষকসকলে ১৫ মাৰ্চত দেশৰ কেবাটাও ট্ৰেড ইউনিয়নৰ সহযোগত ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণ কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।
১৯ মাৰ্চত প্ৰতিবাদী কৃষকসকলে মন্দী বচাও-খেতি বচাও দিৱস পালন কৰিব।
Photo: Google