নিখিল ভাৰত SC আৰু ST ৰেলৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত ১৯ এপ্ৰিলৰ দিনাখন ভাৰতৰত্ন বাবাচাহেব ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ ১৩৩ সংখ্যক জন্মবার্ষিকী দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মণ্ডল কমিটিৰ সম্পাদক তাৰিণী চৰণ দাসে। আনহাতে এই উপলক্ষে ৰিংকু চৌধুৰীৰ আম্বেদকাৰ বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে উদযাপন কমিটিৰ সভাপতি ৰিংকুমণি বৈশ্যই আৰু সঞ্চালনা কৰে মণ্ডল কমিটিৰ সভাপতি বি বড়োৱে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্রীবাস্তৱে ভাষণ প্ৰসংগত সংবিধানৰ গঠন, সমাজৰ সকলো শ্রেণীক ন্যায় আৰু সমতা প্রদানৰ ক্ষেত্ৰত ডঃ আম্বেদকাৰৰ অৱদানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় মহিলা সৱলীকৰণ আৰু সমাজৰ বঞ্চিত শ্ৰেণীৰ বিকাশৰ ক্ষেত্ৰত ড’ আম্বেদকাৰৰ ভূমিকা অপৰিসীম আছিল। তেওঁৰ সমগ্ৰ জীৱন সমাজৰ সকলো শ্ৰেণীৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰব। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অতিৰিক্ত মহাপ্ৰবন্ধক ৰবিলেশ কুমাৰ , প্ৰধান মুখ্য কাৰ্মিক বিষয়া ত্ৰিকালজ্ঞ ৰাভা, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা সঞ্চালক ডঃ হৰেন্দ্ৰ চন্দ্ৰ দাস উপস্থিত থাকে। অনুষ্ঠানত বিহু হুঁচৰি, গাৰো, বাগৰুম্বাকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্যশিল্পীৰ দলে প্ৰদৰ্শন কৰা কৰে। আনহাতে মণ্ডল কমিটিৰ সম্পাদক তাৰিণী চৰণ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে বাবাচাহেব ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত ৰেলৱেৰ কেবা শতাধিক বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য, ৰেলৱেৰ বিভিন্ন ট্ৰেড ইউনিয়নৰ প্ৰতিনিধি উপস্থিত থাকে।