মৰিগাঁৱৰ ভূৰাগাঁৱৰ জঘন্য আৰু গাৰ নোম শিঁয়ৰি উঠা নাবালিকাক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধী পাঠাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী।মৰিগাঁৱৰ জঘন্য ধৰ্ষণ কাণ্ডৰ অপৰাধী চৈয়দ আলী ওৰফে ‘পাঠা‘ৰ বিৰুদ্ধে আৰক্ষীৰ গুৰুত্বপূৰ্ণ তথ্য-প্ৰমাণ।ফৰেনচিক পৰীক্ষাত পোৱা গ’ল এই গুৰুত্বপূৰ্ণ তথ্য।
ধৰ্ষিতা নাবালিকাৰ শৰীৰত পোৱা ডি এন এৰ সৈতে মিলিল ‘পাঠা’ৰ ডি এন এ।এই কথা ছচিয়েল মিডিয়াযোগে জনালে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।ভাস্কৰ জ্যোতি মহন্তই লিখে যে , এই প্ৰমাণ লাভ কৰাৰ পিছত পাঠাৰ বিৰুদ্ধে অতি শক্তিশালী ছাৰ্জশ্বীট কৰিব পৰা যাব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব পাঠাই।এই প্ৰমাণ লাভ কৰাৰ পিছত জঘন্য ধৰ্ষণকাৰী ‘পাঠা‘ বাছি যোৱাৰ আৰু কোনো সুযোগ নাই।
উল্লেখযোগ্য যে, পুৱা ৫ বজাত চৰাই পোৱালিক খুৱাবৰ বাবে জামু বুটলিবলৈ গৈছিল কণমানি গৰাকী।ইয়াৰ পাছতেই মৰাপাটৰ খেতিৰ মাজত ‘পাঠা‘ই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল।নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল কণমানি জনীক। হত্যাৰ পাছতো যৌন উৎপীড়ন কৰা হৈছিল কণমানিজনীৰ লগত।
মৰিগাঁও আৰক্ষীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা ৬৫ বছৰীয়া ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰিছিল।কিছুদিন পূৰ্বে ‘পাঠা‘ক ভৰিত গুলীয়াইছিল আৰক্ষীয়ে৷আৰক্ষীয়ে তদন্তৰ বাবে কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ লৈ যোৱাৰ সময়ত ‘পাঠা‘ই আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই গুলীচালনা কৰিছিল আৰক্ষীয়ে।
শেহতীয়াকৈ ডি এন এ পৰীক্ষাৰ ফলাফলত নাবালিকাৰ শৰীৰত পোৱা ডিএনএৰ সৈতে ‘পাঠা’ৰ ডিএনএ মিল থকা বুলি প্ৰমাণ লাভ কৰে।