শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক এক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি শ্ৰাৱন মাহ তথা বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণৰ গোটেই মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালি দিয়ে। পৰম্পৰা অনুসৰি অসমৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰত বিগত বছৰ সমূহত শাওণ মাহত দেওবাৰে মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হৈ আহিছে।
এইবেলি পূৰ্বতকৈ অধিক সংখ্যক ভক্তৰ সমাগম হব আশা ব্যক্ত কৰিছে ভীমাশংকৰ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস কমিটিয়ে। এই সন্দৰ্ভত কমিটিৰ সভাপতি সনেশ টেৰণ , সম্পাদক হেনৰী ডেভিড টেৰণ , সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে এইবাৰ ১৭ জুলাইত শাওন মাহ আৰম্ভ হৈছে যদিও পূৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি অহা ২১ জুলাই দেওবাৰে নিশাৰ পৰা পৱিত্ৰ বোলবম আৰম্ভ হব। বোলবোমত পূৰ্বৰ দৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হব বুলি কমিটিৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে ধাৰণা কৰিছে। যাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি উক্ত অঞ্চলটোত মাজে সময়ে বনৰীয়া হাতীৰ আবিৰ্ভাৱ হোৱা বাবে সকলো দিশ সামৰি বোলবমত ভাগ লবলৈ অহা কোনো ভক্ত যাতে অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে আৰক্ষী, কমিটিৰ যৌথ বৈঠক অনুষ্ঠিত হৈ আছে। ১৭ জুলাইত স্থানীয় গড়চুক আৰক্ষী থানাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত গৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কমিটিৰ সভাপতি সনেশ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণ, কাৰ্যকৰী সদস্য দীপক তেৰাং, কল্যাণ ৰংচালকে ধৰি আন বিষয়ববীয়াৰ উপৰিও আৰক্ষী, বন বিভাগকে ধৰি বোলবমৰ লগত জড়িত থকা বিভিন্ন বিভাগৰ কৰ্মকৰ্তা উপস্থিত আছিল। বৈঠকত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ – মহিলা নিৰ্বিশেষে পৰ্যাপ্ত সেচ্ছাসেৱক নিযুক্ত কৰা, সন্দেহজনক ভক্তৰ গতিবিধিত চকু ৰখাৰ বাবে প্ৰৱেশ – প্ৰস্থানপথসহ সমগ্ৰ চৌহদত চিচিটিভি স্থাপন কৰা, প্ৰতি দেওবাৰে মাজনিশা ১২.৩০ বজাৰ পাছতহে ভক্তৰ প্ৰৱেশত অনুমতি আৰু পাছদিনা সোমবাৰে সন্ধিয়া ৭ বজাৰ পাছত ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা, বোলবমৰ সময়ত আৰক্ষী আৰু বন বিভাগৰ পহৰা অব্যাহত ৰখাকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
তদুপৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা আদি সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে ভক্তৰ অধিক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ভীমাশংকৰত থকা শিৱলিংগত গৈ ভক্ত সকলে যাতে শৃংখলাবদ্ধভাবে শাৰী পাতিব পাৰে তাৰবাবে বিগত ২০২২ বৰ্ষত নতুনকৈ এটা প্ৰবেশ পথ নিৰ্মাণ কৰা হৈছিল । বিগত ২০২৩ বৰ্ষত বোলবমৰ সময়ত প্ৰতি দেওবাৰে নিশাৰ পৰা সোমবাৰে সন্ধিয়া পৰ্যন্ত প্ৰায় এক লাখৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰে প্ৰায় এক কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছিল । ইফালে বিগত বৰ্ষৰ দৰে এইবেলিও কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ বাবে সাজু হৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে অস্থায়ী ভাবে জেনেৰেটৰ স্থাপন আৰু অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজনৰ কাম আৰম্ভ কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে । ইফালে বাহন লৈ অহা ভক্তৰ বাহন ৰখাৰ বাবে মন্দিৰৰ প্ৰৱেশ পথৰ সন্মুখত গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত থকা খেলপথাৰত পাৰ্কিং স্থাপন কৰি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে।