কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰিব।
ইয়াৰোপৰিও ১ ফেব্ৰুৱাৰীৰ পৰা কেইবাটাও বৃহৎ সলনি হ’ব আৰু এই সলনি সাধাৰণ ৰাইজৰ সৈতে জড়িত।
ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰটো পৰিব পাৰে।
এটা পৰিৱৰ্তন বেংকিঙৰ সৈতে জড়িত।
কিছুমান পৰিৱৰ্তন এনেধৰণৰো যে, যাৰ প্ৰভাৱ পোনপটীয়াকৈ আপোনাৰ পকেটটো পৰিব। আহক জানো ১ ফেব্ৰুৱাৰীৰ পৰা কি কি সলনি হ’ব।
বাজেটত হ’ব পাৰে বৃহৎ সলনি
১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ ২০২১-২২ৰ বাবে সাধাৰণ বাজেট দাখিল কৰিব।
ভাৰতীয় বাজেট ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হ’ব যেতিয়া পেপাৰলেছ বাজেট দাখিল কৰা হ’ব।
ক’ৰোনা সংকটৰ বাবে চৰকাৰে পেপাৰলেছ বাজেট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি উদ্যোগ জগতলৈ এই বাজেটখনৰ পৰা ৰেহাইৰ আশা কৰা হৈছে।
চৰকাৰেও স্বাস্থ্য, কৃষি আৰু কৰ্মসংস্থাপনক লৈ বৃহৎ ঘোষণা কৰিব পাৰে।
PNB এটিএমৰ পৰা টকা উলিওৱাৰ পদ্ধতি হ’ব সলনি
চৰকাৰী বেংক পঞ্জাৱ নেচনেল বেংকে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ১ ফেব্ৰুৱাৰীত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব।
বেংকৰ মতে, ১ ফেব্ৰুৱাৰীৰ পৰা PNB গ্ৰাহকে নন-ইএমবি এটিএমৰ পৰা টকা উলিয়াব নোৱাৰিব।
অৰ্থাৎ কাইলৈৰ পৰা PNB গ্ৰাহকে নন-ইএমবি এটিএমৰ পৰা টকা উলিয়াব নোৱাৰিব।
ৰন্ধন গেছৰ মূল্য সলনি হোৱা সম্ভৱ
দেশৰ তেল কোম্পানীসমূহে প্ৰতিটো মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ মূল্যৰ সমীক্ষা কৰে।
যাৰ বাবে কোম্পানীসমূহে কাইলৈ মূল্য বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব,
যদি এনেকুৱা হয় তেন্তে সাধাৰণ ৰাইজে পাব পাৰে অসুবিধা।
কিন্তু গ্ৰাহকসকলে মূল্য হ্ৰাস হোৱাৰ আশা কৰিছে।
ৰে’লত ই-কেটৰিঙৰ সুবিধা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ
ক’ৰোনা মহামাৰীৰ বাবে যাত্ৰীসকলে ৰে’লত ই-কেটৰিঙৰ সুবিধা পোৱা নাছিল।
আৰু এতিয়া ক’ৰোনাৰ আক্ৰান্তৰ সংখ্য়া হ্ৰাস হোৱা বাবে ৰে’লৰ সুবিধাসমূহ পুনৰ আৰম্ভ কৰিছে।
১ ফেব্ৰুৱাৰীৰ পৰা IRCTC ই-কেটৰিং সেৱা পুনৰ আৰম্ভ হ’ব।
কিন্তু এই সুবিধা কেৱল নিৰ্বাচিত ষ্টেচনতে উপলব্ধ হ’ব।
লগতে ৰে’লৱে ফেব্ৰুৱাৰীৰ পৰা কেইবাটাও ৰুটত ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কেইবাটাও ৰুটত বিমান সেৱা আৰম্ভ
বিমান যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে।
এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে নতুন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণৰ ঘোষণা কৰিছে।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ফেব্ৰুৱাৰীৰ পৰা ২৭ মাৰ্চ ২০২১ৰ সময়ছোৱাত ত্ৰিচী আৰু ছিংগাপুৰৰ মাজত প্ৰতিদিনে বিমান যাত্ৰা আৰম্ভ কৰিব।
ইয়াৰোপৰি ৰাজা ভোজ বিমানবন্দৰৰ পৰা ইণ্ডিগ’ৰ আহমেদাবাদ আৰু লক্ষ্ণৌৰ বিমান যাত্ৰাৰ আৰম্ভণি ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।
ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতে বিগত বৰ্ষৰ ২৩ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্থগিত কৰি ৰাখিছিল।
Photo: Google