দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য সমূহে ক্ৰমান্বয়ে লকডাউনৰ ঘোষণা জাৰি কৰিছে।
আজিৰে পৰা বিহাৰত লকডাউনৰ ঘোষণা জাৰি কৰা হৈছে ।
আগন্তুক ১০ দিনৰ বাবে ৰাজ্যখনত জাৰি কৰা হৈছে লকডাউন।
ক’ৰোনা পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে বিহাৰ চৰকাৰে।
এই লকডাউনৰ সময়ছোৱাত সকলো জৰুৰীকালীন সেৱা অব্যাহত থাকিব বাকী সকলো বন্ধ থাকিব বুলি ঘোষণা কৰিছে বিহাৰ ৰাজ্য চৰকাৰে।
প্ৰথম অৱস্থাত ১৫ মে’লৈ ঘোষণা কৰা হৈছে এই লকডাউন।