সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) আৰু বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতি সহযোগত উদুলি মুদুলি ৰংঘৰৰ বাকৰি l
আজি পহিলা বহাগ। এচিয়াৰ প্ৰথমটো পেভেলিয়ান শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত পহিলা বহাগৰ দিনা অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন।
পৌৰাণিক ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে বিগত পোন্ধৰ তা বছৰে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰি আহিছে মুকলি বিহু। ৰংপুৰৰ নাচনীয়ে প্ৰাণধালি নাচিলে পাহোৱাল ঢুলীয়াৰ ঢোলৰ চাপৰত। ঢুলিয়াৰ ঢোলৰ চাপৰত আৰু নাচনীৰ নাচোনত প্ৰাণচঞ্চলা হৈ পৰে ৰংঘৰৰ বাকৰি।পুৱা প্ৰথমে পতকা উত্তোলন তাৰ পাছতে স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা বৃহত্তৰ ৰংঘৰ ৰঙালী সন্মিলনৰ কৰে লিতুল বৰগোহাঁইয়ে । ইয়াৰ পিছতেই এক বৃহৎ হাতী দৌৰ খেল ৰ ৰংঘৰৰ বাকৰিল অনা হয়।
আনহাতে শেষৰ জন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিং নাতি আলোক নাৰায়ণ সিং আহি ঐতিহাসিক ৰংঘৰ বাকৰিত বহি অনুমতি প্ৰদান কৰা পাছতে সাংস্কৃতিক অনুষ্ঠানত হুচৰি পৰিবেশন কৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে। তাই আহোম, মিচিং, মেছ কছাৰী নৃত্যই ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে।
ইয়াৰোপৰি অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাওদাং, দেৱজিত বৰা, মাধৱ ৰঞ্জন, জ্যোতিমলা বৰগোহাঁই গীত লগতে আন বহু শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে।
ঐতিহাসিক ৰংঘৰত অনুষ্ঠিত এই মুকলি বিহু উপভোগ কৰিবলৈ আজি লোকেলোকাৰণ্য হৈ পৰে ৰংঘৰ বাকৰি। অসমৰ লগতে ভাৰতবৰ্ষৰ আৰু বিভিন্ন দেশৰ বিদেশী পৰ্যটকে উপভোগ কৰে ৰংঘৰৰ এই ঐতিহাসিক বিহু।চাওলুং চুকাফাৰ সাতৰাজ সামৰি একৰাজ কৰা নীতিকেই অনুসৰণ কৰি পহিলা বহাগৰ দিনা অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক অসমবাসীৰ আগত পৰিবেশন কৰি আহিছে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে।উক্ত কাৰ্যসূচী লগত সংগতি ৰাখি ‘ৰংঘৰৰ ৰণশিঙা’ নামৰে এখন স্মৃতি গন্থ উন্মোচন কৰা হয়।