ছত্তীশগড়ৰ বীজাপুৰত সংঘটিত হোৱা নক্সালবাদী আক্ৰমণত বৰ্তমানলৈ ২২জন জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে।
বৰ্তমানেও এজন জোৱান সন্ধানহীন।
এই আক্ৰমণত মুঠ ৩২জন জোৱান আহত হৈছে, ইয়াৰে ২৫জন জোৱান বীজাপুৰ হাস্পতালত চিকিৎসাধীন।
ইফালে ছত্তীশগড় আৰক্ষীয়ে ৯টা নক্সালবাদীও নিহত হৈছে।
লগতে, আৰক্ষী বিষয়াই জনোৱা অনুসৰি, সুৰক্ষা কৰ্মীয়ে ঘটনাস্থলীৰ পৰা এগৰাকী মহিলা নক্সালবাদীৰো মৃতদেহ উদ্ধাৰ কৰে।
শুকুৰবাৰে নিশা বীজাপুৰ আৰু ছুকমা জিলাৰ পৰা কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বলৰ কোবৰা বেটালিয়ন, ডিআৰজি আৰু STFৰ সংযুক্ত দলক নক্সাল বিৰোধী অভিযানত ৰাওনা কৰা হৈছিল।
নক্সাল বিৰোধী অভিযানত বীজাপুৰ জিলাৰ তৰ্ৰেম, উছুৰ, ছুকমা জিলাৰ মিনপা আৰু নৰছাপুৰমৰ পৰা প্ৰায় ২ হাজাৰ জোৱানে ভাগ লৈছিল।
সংঘৰ্ষক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বেঘলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বিষয়ে খবৰ লয় আৰু CRPF মহানিৰ্দেশক নিৰ্দেশনা প্ৰদান কৰে যে,
তেওঁ তৎকালীনভাৱে ছত্তীশগড়লৈ যাওক।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে দেশে তেওঁলোকৰ বলিদান কেতিয়াও নাপাহৰে।
আমি শান্তি আৰু বিকাশৰ শত্ৰুৰ সৈতে সদায় যুঁজ দি যাম।
৩ ঘণ্টা ধৰি সংঘৰ্ষ
আৰক্ষী বিষয়াগৰাকীয়ে ক’লে যে শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হোৱা সংঘৰ্ষ প্ৰায় ৩ ঘণ্টা ধৰি চলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে শোকপ্ৰকাশ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ত নক্সালবাদীৰ সৈতে সুৰক্ষা কৰ্মীৰ হোৱা সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৰ মৃত্যুত শোকপ্ৰকাশ কৰে।
Photo: Google