অসমত লকডাউনৰ সম্ভাৱনা নাই আৰু লগতে নৈশ নৈশ সান্ধ্য আইন বলবৎ হোৱাৰো সম্ভাৱনা নাই।
বিজেপি ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ক’ভিডক লৈ আতংকিত নহ’বলৈ আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
অসমৰ বাপতিসাহোন বিহু সুন্দৰভাৱে পালন কৰা হ’ব।
বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব SOP।
সংবাদমেলযোগে ক’ভিড আৰু বিহুক লৈ এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী শৰ্মাই।
‘ৰাইজে ২ মে’ৰ দিনা কংগ্ৰেছে দাবী কৰাতকৈ বিপৰীত ছবি দেখা পাব।
২০১৬তকৈ ৰাইজৰ বহু ভাল সহাঁৰি পোৱা গৈছে। এইবাৰ বিৰোধী নিশকতীয়া আছিল।’- বিধানসভা নিৰ্বাচনক লৈ সগৌৰৱে এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।
১৮০০০ লোকক বুধবাৰে covid টেষ্ট কৰোৱা হৈছে।
৪৫ বছৰৰ ওপৰৰ সকলো লোককে ভেকচিন ল’বলৈ অনুৰোধ জনালে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
‘আগন্তুক ৭ দিনত আক্রান্তৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।’- সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্বই।
বিহু অনুষ্ঠিত হ’ব কিন্তু বিহুক লৈ কিছু নিয়ম বন্ধা হ’ব।
২ মে’ পিছতো বিজেপিয়ে চৰকাৰ গঠন কৰিব।
সেইবাবে এতিয়াৰ পৰাই কাম কৰি যাম আমি। এই কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
Photo: Headline8