সমাগত বিধানসভা নিৰ্বাচন।
নিৰ্বাচনৰ আগে আগে বিজেপিয়ে দিলে ১০টা সংকল্প।
এই সংকল্পকেইটা হৈছে-
১. অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা হ’ব।
২. অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি ৩০০০ টকা পৰ্যন্ত বৃদ্ধিৰ জৰিয়তে অসমৰ মহিলাসকলক শক্তিশালী কৰা হ’ব।
৩. নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা।
৪. অসমৰ শিশুসকলৰ এক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা হ’ব।
৫. সংশোধিত NRCৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা হ’ব।
৬. সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা হ’ব।
৭. অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা হ’ব।
৮. অসমক ভাৰতৰ ভিতৰত দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব।
৯. অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব।
১০. অসমৰ নাগৰিকসকলক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা হ’ব।
Photo: Headline8