মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু টিএমচিৰ অধ্যক্ষ মমতা বেনাৰ্জী নিৰ্বাচনী আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
তেওঁ এখন নিৰ্বাচনী ৰেলী সম্বোধন কৰি কয় যে,
নিৰ্বাচনী আয়োগ কি অমিত শ্বাহে চলাই আছে? তেওঁ যে নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰদান কৰি আছে।
তেওঁ লগতে ক’লে যে, বিজেপিয়ে কি মোক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচি আছে?
নিৰ্বাচনী আয়োগে মোৰ নিৰ্দেশক আৰু সুৰক্ষা আঁতৰাই দিছে।
মমতা বেনাৰ্জীয়ে লগতে ক’লে যে,
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে দেশে চলাব নে পশ্চিবংগত আমাৰ ওপৰত নিৰ্যাতন চলাবলৈ ষড়যন্ত্ৰ ৰচিব।
উল্লেখযোগ্য যে, নন্দীগ্ৰামত এক দুৰ্ঘটনাত মুখ্যমন্ত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ পিছত নিৰ্বাচনী আয়োগে সুৰক্ষা নিৰ্দেশক বিবেক সহায় আৰু পূব মেদিনীপুৰৰ আৰক্ষী অধীক্ষক প্ৰবীণ প্ৰকাশক ১৪ মাৰ্চত নিলম্বন কৰিছিল।
১০ মাৰ্চত সংঘটিত হৈছিল এই ঘটনা। নিৰ্বাচনী আয়োগে আক্ৰমণৰ ঘটনা অস্বীকাৰ কৰিছিল।
Photo: Google