পশ্চিমবংগত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ছোৱাত কোচবিহাৰ আৰু দক্ষিণ ২৪ পৰগণাৰ পৃথক-পৃথক প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছে।
কৰবাত বিজেপি কৰ্মী মাৰপিটৰ চিকাৰ হৈছে আৰু কৰবাত TMC কৰ্মীৰ ওপৰত হৈছে আক্ৰমণ।
ঘৰসমূহতো আক্ৰমণ চলোৱা হৈছে। অস্ত্ৰ-শস্ত্ৰৰো ব্যৱহাৰ হৈছে নিৰ্বাচনৰ মাজতে।
লগতে এনেধণৰ ঘটনাক লৈ বিজেপি আৰু TMC দুয়োফালৰ নেতাই এজনৰ বিৰুদ্ধে আনজনক অভিযোগ উত্থাপন কৰিছে।
বিজেপি প্ৰাৰ্থী লকেট চেটাৰ্জীৰ গাড়ীত আক্ৰমণ
হুগলীৰ চুচুৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ গাড়ীত স্থানীয় লোকে আক্ৰমণ চলায়।
লকেটৰ হাত আঘাতপ্ৰাপ্ত হয়।
আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে TMCৰ সমৰ্থকৰ বিৰুদ্ধে।
সেই সময়তে পশ্চিমবংগ নিৰ্বাচন কভাৰ কৰি থকা মিডিয়াৰ বাহনতো শিলাবৰ্ষণ কৰে।
এই আক্ৰমণত কেইবাখনো গাড়ীৰ আইনা ভাঙি যায়।
বুথ নম্বৰ ৬৬ত নিজৰ ওপৰত হোৱা আক্ৰমণক লৈ বিজেপি নেতা লকেট চেতাৰ্জীয়ে ক’লে- গাড়ী ভাঙিলে, মোক হত্যাৰ চেষ্টা চলায়।
মই ইয়াৰ অভিযোগ নিৰ্বাচনী আয়োগত কৰিছো। আৰক্ষীয়ে একো নকৰিলে কিন্তু তেওঁলোকে সকলো জানে।
#WATCH BJP leader Locket Chatterjee's car attacked by locals in Hoogly during the fourth phase of West Bengal assembly elections #WestBengal pic.twitter.com/aQAgzWI94v
— ANI (@ANI) April 10, 2021
কোচবিহাৰত গুলীচালনা, ৪জনৰ মৃত্যু
ইফালে কোচ বিহাৰৰ শিতলকুচী এলেকাত নিৰ্বাচনৰ সময়ছোৱাত হিংসাত্মক সংঘৰ্ষ হয়।
সংঘৰ্ষৰ সময়ছোৱাত গুলীচালনাও হ’ল। গুলীচালনাত ৪জন লোকে প্ৰাণ হেৰুৱালে আৰু ৪জন গুৰুতৰভাৱে আহত হয়।
এগৰাকী মৃতকৰ নাম আনন্দ বৰ্মণ।
আনন্দ বৰ্মণৰ পৰিয়ালে কোৱা অনুসৰি তেওঁ বিজেপিৰ সমৰ্থক আছিল। ভোটিং আৰম্ভ হোৱাৰ পূৰ্বে সংঘটিত হৈছিল হিংসাত্মক ঘটনা।
Photo: ABP News