আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এতিয়া উঠি-পৰি লাগিছে বিজেপি তথা বিৰোধী দলসমূহ ৷
বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই নিৰ্বাচনী অভিযান আৰম্ভ কৰাৰ পিছত এতিয়া বিৰোধী দলসমূহে মিলি নিৰ্বাচনী যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
অসমৰ শাসনৰ পৰা বিজেপিক আঁতৰোৱাৰ বাবে কংগ্ৰেছে AIUDF, আঞ্চলিক গণ মৰ্চা, CPM, CPI, CPI (ML) আৰু অন্য দলৰ সৈতে মিত্ৰজোঁট কৰে ৷
এই সময়ত এটাই প্ৰশ্ন উত্থাপন হৈছে যে , কংগ্ৰেছৰ মিত্ৰজোঁটে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ সফল হ’বনে?
মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুন বৰাই ক’লে যে, কেইবাটাও দলৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছো যে, কংগ্ৰেছে এই নিৰ্বাচনত বিৰোধী দলৰ সৈতে মিলি নিৰ্বাচনী যুঁজত নামিব ৷
তেওঁ ক’লে যে, বিজেপি বিৰোধী দলসমূহৰ বাবে আমাৰ দুৱাৰ খুলি থোৱা আছে আৰু আমি আঞ্চলিক দলসমূহক আমন্ত্ৰণ জনাইছো যে তেওঁলোকে শাসনাধিষ্ঠ বিজেপিৰ শাসন আঁতৰোৱাৰ যুঁজত আমাক সহযোগ কৰক ৷
কংগ্ৰেছে দেশৰ হিতৰ বাবে সাম্প্ৰদায়িক শক্তিসমূহক শাসনৰ বাহিৰলৈ ওলাই আনিবলৈ বিশেষ ভূমিকা পালন কৰি আছে ৷
উল্লেখ্য যে, অসমত কংগ্ৰেছে দীঘলীয়া সময় ধৰি শাসনভাৰ চম্ভালিছিল ৷
কিন্তু ৫ বছৰ পূৰ্বে বিজেপিৰ হাতত ধ্বস্ত হয় দলটো ৷ হেৰুৱাবলগীয়া হয় শাসনভাৰ ৷
ইয়াৰ পিছতে কংগ্ৰেছ ধাৰাবাহিকভাৱে দুৰ্বল হৈ পৰিছিল ৷
আনহাতে দ্ৰুতগতিত ৰাজনৈতিক মানদণ্ড হৈছিল উৰ্দ্ধগামী ৷
কংগ্ৰেছৰ জ্য়েষ্ঠ নেতা তৰুণ গগৈৰ মৃত্যুৰ পিছত এতিয়া কংগ্ৰেছৰ সন্মুখত এজন শক্তিশালী নেতৃত্ব থকাৰ ক্ষেত্ৰটো প্ৰশ্ন উত্থাপন হৈছে ৷
বিজেপিৰ বৃদ্ধি হোৱা ৰাজনৈতিক শক্তিক প্ৰত্যক্ষ কৰি কংগ্ৰেছে মিত্ৰজোঁটৰ পথত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
Photo: Google