বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বিশ্ব বিখ্যাত অম্বুবাচী মেলা। আনহাতে পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত হৈ অহা অম্বুবাচী মেলাখন যাতে সুচাৰুভাবে সম্পন্ন হয় তাৰ বাবে সকলো চৰকাৰী বিভাগ, কৰ্তৃপক্ষই হাতে কামে নামি পৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অম্বুবাচী মেলালৈ অহা ভক্তৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পাণ্ডুঘাটত থকা ভাৰত চৰকাৰৰ অধীনৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ চৌহদত দুটা বিশাল শিবিৰ স্থাপন কৰা হৈছে। তেনেদৰে কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপত স্থাপন কৰা হৈছে এটা শিবিৰ। পাণ্ডুত স্থাপন কৰা দুটা শিবিৰত প্ৰায় পাঁচ হাজাৰ ভক্তৰ থকাৰ সুবিধা থকাৰ বিপৰীতে কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপত থকা শিবিৰত প্ৰায় ডেৰ হাজাৰ ভক্তৰ থকাৰ ব্যৱস্থা কৰা হৈছে। ইফালে কামাখ্যা মন্দিৰৰ লগতে ভক্ত থকা শিবিৰ সমুহ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হোৱা বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মেলালৈ অহা কোনো ভক্তই যাতে কোনো অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে চৰকাৰী ব্যৱস্থাৰ বাহিৰেও বেচৰকাৰীভাবেও বিশেষ তৎপৰতা আৰম্ভ কৰিছে। বিশেষকৈ বিজেপি দলৰ জালুকবাৰী মণ্ডল সমিতিৰ সকলো কাৰ্যকৰ্তাকে অম্বুবাচী মেলালৈ অহা ভক্তক সহায়ৰ হাত আগবঢ়াবৰ বাবে আহ্বান জনাইছে। যাতে বাহিৰৰ পৰা অহা কোনো দেশী – বিদেশী ভক্ত কোনো অসুবিধাৰ সন্মুখীন হবলগীয়া নহয়। ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপি দলৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি কমল দে’ৰ নেতৃত্বত বিজেপি দলৰ কাৰ্যকৰ্তা সকলে ২১ জুনৰ পৰা পাণ্ডুত স্থাপন কৰা শিবিৰত ভক্ত সকলক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে।
এই কাৰ্য্যসূচীৰ তদাৰক কৰি আছে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। তেনেদৰে পাণ্ডুঘাটৰ পৰা পাণ্ডু হৈ কামাখ্যা মন্দিৰ সংযোগী পথচোৱাত ভক্তক আদৰিবৰ বাবে বিভিন্ন স্থানত জালুকবাৰী মণ্ডল সমিতিয়ে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাট আউট স্থাপন কৰিছে। আনহাতে বিজেপিৰ জালুকবাৰী মণ্ডল সমিতিৰ কাৰ্যকৰ্তা সকলে সমিতিৰ সভাপতি কমল দে’ৰ নেতৃত্বত ঠায়ে ঠায়ে ভক্ত সকলক খাদ্য আৰু পানী বিতৰণ কৰি আহিছে বিগত তিনিটা দিন ধৰি। এই সন্দৰ্ভত কমল দে’ই জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীয়ে আমাক নিৰ্দেশনা দিছে যাতে আমি অম্বুবাচী মেলালৈ অহা ভক্তক আদৰণি জনাইছো আৰু মেলাৰ লগত জড়িত চৰকাৰী বিভাগ সমুহক মেলাখন সুচাৰুভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াও। সেই অনুসৰি আমি দলীয়ভাৱে প্ৰচেষ্টা চলোৱাৰ লগতে বৃহত্তৰ পাণ্ডুৰ নাগৰিক সমিতিকে ধৰি বিভিন্ন এন জি অ, ক্লাব আদিৰ সহযোগত ভক্ত সকলক সহায়ৰ হাত আগবঢ়াই আহিছোঁ। কিয়নো অম্বুবাচী মেলাৰ লগত অসমৰ সন্মান জড়িত হৈ আছে বুলি কমল দে’ই সদৰি কৰিছে।