নিউজ ডেস্কঃ বিটিআৰ-ৰ বৰ্ষপূৰ্তিৰ উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে মুখ্য অতিথিৰূপে ভাষণ দি কয় যে ’কেইটামান বছৰৰ ভিতৰত বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চল হিচাপে পৰিগণিত হ’ব ৷
প্ৰধানমন্ত্ৰী মোডীৰ নিউ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ যি সপোন দেখিছে সেই সপোনৰ অংশ বড়োলেণ্ড এলেকাও সাঙুৰ খাই আছে ৷
কেৱল ইয়াতে সীমাবদ্ধ হৈ নাথাকিব বিটিআৰ ৷
আৰু বহু উন্নতিৰ জখলাত বগাব বিটিআৰ ৷’
উল্লেখ্য, অমিত শ্বাহৰ এই মন্তব্যই বিটিআৰ-ৰ জনতাক যি প্ৰতিশ্ৰুতি দি গ’ল সেয়া বিধানসভাৰ নিৰ্বাচনৰ পিছতহে অসমবাসী অৱগত হ’ব।