ক’ভিড ১৯ ৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ হ’লে প্ৰত্যেকৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থকাটো অতি জৰুৰী। এইক্ষেত্ৰত নিয়মিত যোগাসন বিশেষভাৱে ফলদায়ক হ’ব পাৰে।
সেইবাবেই যোগাসন সম্পৰ্কত মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত আয়োজন কৰা হয় ‘অনলাইন যোগাসন শিবিৰ’।
বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত অংশ লোৱা দেখা যায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, যোগান বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ লগতে বহু বিজেপি নেতা-কৰ্মীক।