ব্লেক ফাংগাছত আক্ৰান্ত হৈ অসমত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু ঘটিছে।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বিগত ১৫দিন ধৰি চিকিৎসাধীন হৈ আছিল মৃত ৫৩ বছৰীয়া সুভাষ চাহু নামৰ ব্যক্তি গৰাকী।
ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য লভাৰ পাছতেই মৃত ব্যক্তিগৰাকীৰ দেহত ধৰা পৰিছিল ব্লেক ফাংগাছৰ অৱস্থিতি।
১ জুনৰ পৰা ১২ জুন পৰ্যন্ত ক’ভিড আক্ৰান্ত হৈ লখিমপুৰ চিভিল হস্পতালত ভৰ্তি হৈ থকা লোকজনৰ ক’ভিড নিগেটিভ হোৱাৰ পাছত শ্বাস- প্ৰশ্বাসজনিত সমস্যাৰ লগতে,কাহ হৈ আছিল আৰু তাৰ পাছতেই অসম চিকিৎসা মহাবিদ্যালয়ত ১৫ জুনত ভৰ্তি কৰোৱা হৈছিল।
পিছে প’ষ্ট ক’ভিড সমস্যা হিচাপে তেওঁৰ তাৎক্ষণিক
চিকিৎসা আৰম্ভ কৰোতেই মাৰাত্মক ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰে।ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত প’ষ্ট কভিডৰ বাবে থকা ৰেপিড একছন টিমসহ অন্য চিকিৎসকে তৎপৰতাৰে তৎক্ষণিকভাৱে ৰোগীজনৰ চিকিৎসা আৰম্ভ কৰিছিল।তেওঁৰ শৰীৰৰ ব্লেক ফাংগাছৰ অৱস্থিতি থকা অংশ সফলতাৰে অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল যদিও
অতিৰিক্ত মধুমেহ ৰোগেই ৰোগীগৰাকীৰ কাল হয় বুলি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জনায়।