পঞ্জাৱৰ লুধীয়ানাৰ জিলা আদালতৰ চৌহদৰ ভিতৰত সংঘটিত হৈছে বোমা বিস্ফোৰণ।
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২.২৫ মান বজাত সংঘটিত হোৱা এই বিস্ফোৰণত দুজন ব্যক্তি নিহত হৈছে। বিস্ফোৰণত আহত হৈছে আন ৪ জন। আদালতৰ চৌহদৰ বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত হৈছে এই বিস্ফোৰণ। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিঙে দোষীক অতি সোনকালেই কৰায়ত্ত কৰিব বুলি আশ্বাস দিছে।