কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF) পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অখিল ভাৰতীয় টেৰাপন্থ যুৱক পৰিষদৰ ( এ বি টি ওৱাই পি সৌজন্যত আজি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
শিবিৰটো উদ্ধোধন কৰে ১৭৫ CRPF বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট কে এল ধীমানে। ভাষণ প্ৰসংগত কে এল ধীমানে বাহিনীটোৱে বিগত সময়চোৱাত কৰা জনহিতকৰ কাম – কাজৰ এক চমু খতিয়ান দাঙি ধৰে। অনুষ্ঠানত এ বি টি ওৱাই পিৰ সঞ্চালক মনীষ ভাঞ্চালীকে ধৰি কেবাজনো কৰ্মকর্তা, চিকিৎসক, চিকিৎসা কর্মী, ১৭৫ CRPF বেটেলিয়ানৰ ডেপুটী কমাণ্ডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া , ডাঃ দীপ্তিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে শিবিৰত CRPFৰ ১৫ জন জোৱানে ৰক্তদান কৰে ।