বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ SDRFয়ে উদ্ধাৰ কৰে। উল্লেখ্য যে, দেওবাৰে নিশা কামপুৰৰ বাঢ়নী পানীত উটি গৈছিল আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ। কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ নিশাই উদ্ধাৰ হৈছিল। আছামীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী। উল্লেখ্য যে, সমুজ্জ্বল কাকতিৰ ঘৰ চাংসাৰিত।
দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। জানিব পৰা মতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।