গুৱাহাটী আইআইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰযুক্তিৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী আইআইটিত উদ্ধাৰ হৈছে এজন ছাত্ৰৰ মৃতদেহ। সূত্ৰ অনুসৰি, আইআইটি গুৱাহাটীৰ কপিলী হোষ্টেলৰ কোঠাৰ ভিতৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ছাত্ৰজনক প্ৰশান্ত কুমাৰ আৰুখ বুলি চিনাক্ত কৰা হৈছে।
ছাত্ৰাবাসৰ একাংশ আবাসীয়ে প্ৰকাশ কৰা মতে যোৱা দুদিন ধৰি প্ৰশান্ত কুমাৰ আৰুখৰ কোঠাটোৰ দুৱাৰ বন্ধ হৈ আছিল। অৱশেষত নিৰাপত্তাৰক্ষীয়ে হোষ্টেলৰ কোঠাৰ দুৱাৰ ভাঙে আৰু ছাত্ৰজনক তেওঁৰ বিচনাত মৃত অৱস্থাত পৰি থকা দেখা পায়। ছাত্ৰজনে আইআইটি গুৱাহাটীত পিএইচডি কৰি আছিল।
মানৱ সম্পদ আৰু সমাজ বিজ্ঞান বিভাগৰ এগৰাকী গৱেষক ছাত্ৰ আছিল প্ৰশান্ত কুমাৰ আৰুখ। আইআইটিৰ কৰ্তৃপক্ষই ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুৰ কথা আমিনগাঁও আৰক্ষীক অৱগত কৰে। আমিনগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰশান্ত কুমাৰ আৰুখৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।