আজিৰে পৰা অসমত পালন কৰা হব অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি।
চ’ত আৰু ব’হাগৰ সংক্ৰান্তি অৰ্থাৎ চ’ত মাহৰ ৩০ তাৰিখৰ পৰা ব’হাগ মাহৰ ৬ তাৰিখলৈ সাতদিন ব’হাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়।
এই সাতবিহুটি ভিন্ন নীতি নিয়মেৰে অসমীয়া জনসাধৰণে পালন কৰে।
আজি অসমবাসীয়ে পালন কৰিলে গৰু বিহু।
অসমীয়া লোক বিশ্বাস মতে এই ৰঙালী বিহুত এশ এবিধ বনৌষধি শাক পাচলি খালে মহৌষধ হিচাপে কাম কৰে।
গৰু বিহু,মানুহ বিহু বা চেৰা বিহুত এই এশ এবিধ শাক খোৱা হয়।
অতীজৰে পৰা এই বিহুত এশ এবিধ শাক খোৱা নিয়ম প্ৰচলিত হৈ আছে।
এই এশ এবিধ শাক খালে গোটেই বছৰ শৰীৰ সুস্থ সবল হৈ থাকে বুলি জনবিশ্বাস আছে।
এই এশ এবিধ বনৌষধি শাক পাচলি সমূহ হ’ল-পনৌনোৱা,হেলঞ্চি,লাচকচি, ভাটমেটেকা,মৰাণ, আদা,ঠুতনি বন,নল চুপহি, মেচাকি, কচলু,মেজেঙা,বনসৰা,টিকনি বৰুৱা,কৈ কৈ টেঙা,টুবুকিলতা,বৰহম থুৰি, তংলটি,মধু সোলেং,খৰিকাজাই,চেঙেৰি টেঙা,বিহলঙি,মধুৰী,লৰবৰুৱা,গান্ধ বিৰিণা,জেতুলিপকা,কশলা বন,ববছা,চলা পালেং,মেমধু,তিতাবাহক,কুকুৰামতা,জাতিলাও, ৰঙালাও,চেংমৰা,জিকা,ধুন্দুলি,তুলসী,আদা,নহৰু,কেতুৰী,বকুল,লং,ভোল, পালেং,লফা, চুতীয়া,লাইশাক,মৰিছা,দুবৰি ,কলমৌ,কোমোৰা,খুতুৰা,জালুক,ভেঁকুৰী ,বিলাহী,কেহৰাজ, তেঁতেলী, শেলুক, কেহেৰু,তিল,ঢেকীয়া,কণা শিমলু,বৰ পূৰৈ, ভাতকেৰেলা,কলীয়া কচু,নিলকণ্ঠ,দীঘলতি, জেতুকা,বৰ মানিমুনি,সৰু মানিমুনি,ভেদাইলতা,হেতভেদেলি উচ, মাদুৰি বন,বৰ থেকেৰা,সেউতী, বেঙেনা,মাটিমাহ,কেৰেলা,বাবৰী, বালি বাবৰী,বচ, মাধৈ লতা,কচু ,চিংৰা, বিৰিণা,এডলীয়া কচু,পদুম,ফটুকলা,বেতগাজ, নাহৰ,কঁঠাল,পাৰিজাত,কপৌফুল, তগৰ,বৰজালুক,কেতেকী,গুৱামলি থেৰেজু, কুকুৰামতা,দ্ৰোণফুল,ইত্যাদি।
Photo Credit:Google