অসমত এতিয়া ৰঙালী বিহুৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।
তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে লোৱা এক সিদ্ধান্তকলৈ হতবাক হৈছিল অসমবাসী।
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে ১৫ এপ্ৰিলত চৰকাৰী কৰ্মচাৰীৰ সকলোৰ বাবে কোনো বন্ধ নাথাকিব।
তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
তাৰ পিছতে ভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
আৰু অৱশেষত কালি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কল্যাণ সমন্বয়ৰক্ষী সমিতিৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়।
উক্ত বৈঠকৰ পিছতে কেন্দ্ৰীয় চৰকাৰে জনাই যে ১৫ এপ্ৰিল বহাগ বিহুৰ দিনাই বন্ধ থাকিব সকলো কাৰ্যালয়।
Photo Credit: Google