বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বিজনৌৰ জনপদত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়।
বক্সীৱালা ৰোডত ফটকা প্ৰস্তুত কৰা ফেক্টৰীত বৃহৎ বিস্ফোৰণ হয় য’ত ৫জন লোকে প্ৰাণ হেৰুৱায়।
লগতে ৪ জন লোক গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে সমগ্ৰ এলেকাটোত জোকাৰণিৰ সৃষ্টি হয় আৰু ৰাইজৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
ইফালে দুৰ্ঘটনাটোৰ পিছত ঘটনাস্থলীত যথেষ্ট ভিৰৰ সৃষ্টি হয়।
ইয়াৰ পিছত ঘটনাটোৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে।
ইয়াৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
নিহত লোকসকলৰ নাম
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বেদপাল, ৰাজাৰাম, ৰামোতাৰ, ঋষিপাল আৰু বৃজপাল এই ঘটনাটোত মৃত্যুক সাৱটি লয়।
তদন্তত জানিবলৈ পোৱা গ’ল যে, ইউছুফ নামৰ এজন লোকৰ নামত ফেক্টৰীটো চলি আছিল।
আৰক্ষী বিষয়া এগৰাকী জনোৱা অনুসৰি ফেক্টৰীটোত বৃহস্পতিবাৰে শ্ৰমিকে কাম কৰি আছিল আৰু সেই সময়তে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।
Photo: Google