আগৰাৰ তাজমহল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰ কিছু ঘণ্টাৰ পিছতে ৰাজধানী দিল্লীত মহিলা পাৱাৰ লাইন 1090 মুখ্য কাৰ্যালয়ত বিস্ফোৰণৰ এটা ফোনে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে।
পুৱা প্ৰায় ১১ বজাত কোনো অজ্ঞাত মহিলাই Women Power Lineৰ কল চেণ্টাৰৰ নম্বৰত ফোন কৰি বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতে আৰক্ষী-প্ৰশাসন বিষয়াসকলৰ মূৰৰ ওপৰত সৰগ ভাঙি পৰে।
বোমা নিষ্ক্ৰিয় কৰা স্কোৱাড আৰু ডগ স্কোৱাডে Women Power Line মুখ্য কাৰ্যালয়ত গৈ তদন্ত অভিযান আৰম্ভ কৰে কিন্তু কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহয়।
ভাবুকিৰ বাবে ২ ঘণ্টা ধৰি কাৰ্যালয়টোত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
Women Power Line 1090ৰ মুখ্য কাৰ্যালয়টো ৰাজধানীৰ আটাইতকৈ মুখ্য আৰু সংবেদনশীল স্থানত স্থিত।
কাৰ্যালয়টোৰ কিছু নিলগত আছে মুখ্যমন্ত্ৰীৰ আৱাস গৃহ।
পুৱা ১১ বজাত মুখ্য কাৰ্যালয়ৰ কল চেণ্টাৰত ফোন কৰি কয় যে,
তাত বোমা লগোৱা হৈছে। আধা ঘণ্টাত Women Power Line উৰুৱাই দিয়া হ’ব।
এই ফোনটোৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
বৰ্তমান আৰক্ষীয়ে সন্ধান চলাই আছে ভাবুকি দিয়া মহিলাগৰাকীৰ।
কাৰ্যালয়টোৰ প্ৰতিগৰাকী কৰ্মীকে বাহিৰলৈ ওলাই দিয়া হয়।
কিন্তু কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহয়।
Photo: Google