কৰ্ম ব্যস্ততাৰ মাজতে বিভিন্ন সময়ত ভিন্নসুৰী গল্পৰ সাধনা কৰি অহা অংকিতা বৰুৱাৰ গল্পত আছে ৰসিকতা আৰু প্ৰভাৱশালীতা আজি এই মন্তব্য এক গ্ৰন্থ উন্মোচনী সভাত আগবঢ়াই বিশিষ্ট চলচ্চিত্ৰ সমালোচক, গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাই। উল্লেখযোগ্য আগশাৰীৰ প্ৰকাশন পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা অংকিতা বৰুৱাৰ গল্প সংকলন ” জোনবিলৰ ভেনাছ” অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নিজৰ উন্মোচনী ভাষণত বৰবৰাই ইয়াকো কয় যে গল্পকাৰ হিচাপে অংকিতা বৰুৱা অতি সংবেদনশীল, চৰিত্ৰ আৰু কাহিনীক তেওঁ সমানে গুৰুত্ব দিছে।
অনুষ্ঠানত আন এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি গল্প কথক অতনু ভট্টাচাৰ্যই অসমীয়া গল্প সাহিত্যৰ গতিধাৰা ইয়াৰ বৈশিষ্ট, সমসাময়িক সময়ত গল্প সাহিত্যৰ চৰ্চা আৰু আধুনিক গল্পকাৰ সকলৰ অৱদান সম্পৰ্কত মননশীল মন্তব্য আগবঢ়াই। যুৱ সমাজ কৰ্মী তথা জনপ্ৰিয় কাব্য চৰ্চাৰ অনুষ্ঠান স্পন্দনৰ সভাপতি ময়ুৰী দত্তই আঁতধৰা অনুষ্ঠানটিত আনকেইগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি অনুষ্ঠানটি অধিক মনোগ্ৰাহী কৰি তোলে ক্ৰমে বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট গল্পকাৰ গীতালি বৰা, আৰু গীতিকাৰ মণিকা দেৱীয়ে। অনুষ্ঠানত লেখকৰ মনৰ ভাব প্ৰকাশ কৰি অংকিতা বৰুৱাই কয় যে মনৰ ভিতৰত উথলি থকা ভাৱবোৰ তেওঁ শব্দৰ মাজেৰে প্ৰকাশ কৰি গল্প ৰূপ দিছে আৰু ইয়াক পাঠকে আদৰি ললেই তেওঁৰ সফলতা। যথেষ্ট সংখ্যক গ্ৰন্থঅনুৰাগী আৰু লেখিকাৰ গুণগ্ৰাহীলোকৰ উপস্থিতিত অনুষ্ঠিত আজিৰ গ্ৰন্থ উন্মোচনী সভাৰ সামৰণি পৰে কবি, ঘোষক হিমাংশু ভাগৱতীৰ শলাগৰ শৰাইৰে।