ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।
আটকাধীন দুগৰাকী ডিগবৈ থানাৰ অন্তৰ্গত লক্ষীপথাৰৰ হিৰেন গগৈ ওৰফে ৰবীন আৰু ৰঞ্জিত চাংমাই বুলি জানিব পৰা গৈছে।
দুই যুৱকৰ লগতে গ্ৰেনেড বিস্ফোৰণত ব্যৱহৃত কলা ৰঙৰ পালচাৰ বাইকখনো জব্দ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে।
আজি পুৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত আনজন যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জি পি সিঙে টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে।
Both the accused involved in Tingrai grenade blast have been apprehended. The motorcycle used has also been recovered. @CMOfficeAssam @himantabiswa @assampolice @DGPAssamPolice Good work Team @TinsukiaPolice pic.twitter.com/v7SpiJHC8W
— GP Singh (@gpsinghips) May 18, 2021
ইয়াৰ পূৰ্বে ১৫ মে’ত তিনিচুকীয়া আৰক্ষীয়ে সন্দেহযুক্ত দুৰ্বৃত্তৰ বিষয়ে দৃঢ় তথ্য দিব পৰা লোকজনক ২ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল।
Photo: Twitter