• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in সংবাদ, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন
Share on FacebookShare on Twitter

উত্তৰ-পূর্বাঞ্চলৰ প্রতি দেশৰ জনতাৰ দৃষ্টিভংগী এতিয়া সলনি হৈছে৷ উত্তৰ-পূর্বাঞ্চলক দেশৰ উল্লেখযোগ্য অঞ্চল হিচাপে গঢ়ি তুলিবলৈ ২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুৰুত্ব দি অহাৰ পৰিপ্রেক্ষিতত এতিয়া আন ৰাজ্যৰ পৰা উত্তৰ-পূবলৈ জনতাৰ আগমন বৃদ্ধি পাব ধৰিছে বুলি মন্তব্য কৰিছে কেন্দ্রীয় জাহাজ, জল পৰিবহণ আৰু আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে৷ নৱবর্ষ আৰু ভোগালী বিহু উপলক্ষে গুৱাহাটীৰ ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত আজি সাংবাদিকৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্রীয়ে উত্তৰ-পূর্বাঞ্চলৰ মানৱ সম্পদ, জলসম্পদৰ সদ্ব্যৱহাৰৰ কথা কৈ অহাই নহয়, ইতিমধ্যে ইয়াৰ বাবে বহু আঁচনি গ্রহণ কৰিছে৷ প্রধানমন্ত্রীয়ে উত্তৰ-পূর্বাঞ্চলক অষ্টালক্ষ্মী আখ্যা দি ইয়াৰ পৰা আত্মনির্ভৰ ভাৰত গঢ়াৰ পদক্ষেপ লৈছে৷ ২০১৪ চনৰ পৰা বিগত ৭ বছৰে উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ লাগি থকাৰ কথা সদৰী কৰি কয় যে প্রচুৰ প্রাকৃতিক সম্পদেৰে ভৰপূৰ দেশৰ এই অঞ্চলটো আত্মনির্ভৰশীল হৈ উঠিবই লাগিব৷ আয়ুস আৰু জল পৰিবহণ মন্ত্র্যালয় দুটাৰ জৰিয়তে অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ প্রচেষ্টা অব্যাহত থকাৰ কথা সদৰী কৰি লগতে জনায় যে ব্রহ্মপুত্রকে ধৰি প্রধান নৈসমূহৰ জলপথ বৃদ্ধি কৰি আমদানি আৰু ৰপ্তানি ব্যৱস্থা সুচল কৰাত গুৰুত্ব দিয়া হৈছে

ব্রহ্মপুত্র খননৰ জৰিয়তে গভীৰতা বৃদ্ধি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ জাহাজ পৰিবহণ ব্যৱস্থাটো অধিক সুচল কৰাৰ আঁচনি লোৱাৰ কথা তেওঁ প্রকাশ কৰে৷ ২০১৬ চনত ১০৬টা নতুন ৰাষ্ট্রীয় জলপথ ঘোষণা কৰাৰ কথা সদৰী কৰি কয় যে বৰাকত ১৬টা, ধনশিৰিত ৩১টা, কপিলীত ৫৭টাৰ লগতে ১৬টাতকৈ অধিক নতুন ৰাষ্ট্রীয় জলপথ ব্যৱস্থা লোৱা হৈছে৷ পাণ্ডুত জাহাজ নির্মাণ কেন্দ্র স্থাপন হোৱাৰ পাছত অসমতেই জাহাজ মেৰামতি কৰাৰ পথ প্রশস্ত হৈ পৰিব বুলি মন্তব্য কৰি কয় যে পূর্বে জাহাজ মেৰামতিৰ বাবে কলকাতালৈ নিব লগা হৈছিল৷ কিন্তু এতিয়া পাণ্ডুত জাহাজ মেৰামতি কেন্দ্র স্থাপন হোৱাৰ পাছত মেৰামতিৰ বাবে হোৱা হাৰাশাস্তি দূৰ হৈ পৰিব বুলি সোণোৱালে আশা প্রকাশ কৰে৷ জল পৰিবহণ আৰু জাহাজ মন্ত্র্যালয়ৰ জৰিয়তে অসমৰ জল পৰিবহণ ব্যৱস্থা সুচল কৰি তোলাৰ লগতে আয়ুস মন্ত্র্যালয়ৰ জৰিয়তেই বিশেষ পদক্ষেপ গ্রহণ কৰাৰ কথা সদৰী কৰে৷ তেওঁ কয় যে কভিড-সৃষ্ট পৰিস্থিতিৰ সময়ত জনতাক সুষ্ঠ কৰি ৰাখিবৰ বাবে এই বিভাগটোৰ জৰিয়তে বিশেষ পদক্ষেপ লোৱা হৈছে৷ কভিড সংক্রমণৰ পৰা প্রতিৰোধ পাবৰ বাবে আয়ুস বিভাগৰ জৰিয়তে প্রস্তুত কৰা ঔষধ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে আৰু ঔষধ ফলৱতী হোৱা বুলি ব্যৱহাৰকাৰীয়ে নির্দিষ্ট এপৰ জৰিয়তে প্রকাশ কৰিছে৷

প্রতিগৰাকী লোক সুষ্ঠ-সবল হৈ থাকিবৰ বাবে স্থানীয়ভাৱে উৎপাদিত আহাৰ তথা আয়ুস আহাৰ গ্রহণ কৰাৰ লগতে যোগাসন কৰিবলৈ তেওঁ আহ্বান জনায়৷ তেওঁ প্রাচীন পদ্ধতিৰে প্রস্তুত কৰা ঔষধ ব্যৱহাৰ কৰি আৰোগ্য হ’ব পাৰি বাবে প্রধানমন্ত্রী মোদীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ৰ সমান্তৰালকৈ আয়ুস মন্ত্র্যালয়ৰ ওপৰত গুৰুত্ব দিছে৷ কভিড আক্রান্ত লোকেআয়ুস ঔষধ ব্যৱহাৰ কৰি জটিল পৰিস্থিতিৰ মুখামুখি নোহোৱাকৈ সুৰক্ষা পাব পাৰে বুলিও মন্তব্য কৰে৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে.....

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8