শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কেবিনেট বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
বৈঠকখনত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দত্ত, প্ৰমীলা ৰাণী ব্ৰহ্ম, ভৱেশ কলিতা, নৱ কুমাৰ দলে, সিদ্ধাৰ্থ ভট্টাচাৰ্য, যোগেন মহন, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মা।
কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে,
মুক্তি যুঁজাৰুসকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্যসেৱা।
মুক্তি যুঁজাৰুসকলৰ পেঞ্চন ২১,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
অসমৰ মুক্তি যুঁজাৰু সন্মিলনৰ অনুৰোধত ৰাজ্যৰ ১৯ গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদৰ আত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান।
In the meeting, enhancement of pension and financial assistance to next-of-kin of freedom fighters were discussed and agreed.
The CM also directed cremation of freedom fighters with befitting honour. pic.twitter.com/aWLGO3gHHh
— Chief Minister Assam (@CMOfficeAssam) February 20, 2021
মুক্তি যুঁজাৰুসকলৰ ত্যাগৰ সন্মানাৰ্থে শেষকৃত্য মৰ্যদাপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ উপায়ুক্তই সকলো পদক্ষেপ গ্ৰহণ কৰিব ।
CM Shri @sarbanandsonwal has announced free treatment of freedom fighters of the state. The decision was taken in a meeting with representatives of the Assam State Freedom Fighters' Association in Guwahati. pic.twitter.com/5Jof9IBHqv
— Chief Minister Assam (@CMOfficeAssam) February 20, 2021
অসম মুক্তি যুঁজাৰু সাহাৰ্য্য নীতিৰ সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Photo: Twitter