আজিৰ পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন।
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অধিৱেশন।
উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন প্ৰথম বাজেট অধিৱেশন।
এমাহজুৰি চলিব এই অধিৱেশন।
ইফালে প্ৰথম দিনটোতেই সূত্ৰপাত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈক কেন্দ্ৰ কৰি এক বিতৰ্কৰ। অখিল গগৈক দিয়া নহ’ল এটাও মৌখিক প্ৰশ্ন। ইয়াকে লৈ আপত্তি প্ৰদৰ্শন কৰে ক্ষুদ্ধ বিধায়কগৰাকীয়ে।
আনহাতে আজি প্ৰথমবাৰৰ বাবে বড়ো ভাষাৰ সংযোজনেৰে সজাই তোলা হয় বিধানসভা তোৰণ। উল্লেখ্য যে শুকুৰবাৰে বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰীয়ে।