নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে, অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ খালী হৈ থকা ৭ খন আসনৰ ভিত্তিত অসমৰ পৰা খালী থকা ১ খন আসনৰ বাবে অনুষ্ঠিত হ’ব উপনিৰ্বাচন।
আনবোৰ আসনৰ ভিতৰত আছে, তামিলনাডুৰ পৰা দুখন আসন আৰু পশ্চিম বংগ, মধ্য প্ৰদেশ, পুডুচেৰী আৰু মহাৰাষ্ট্ৰৰ পৰা আছে এখনকৈ আসন।
জানিব পৰা মতে, পশ্চিম বংগ, অসম, তামিলনাডু আৰু মধ্য প্ৰদেশৰ সদস্যসকলৰ পদত্যাগৰ পিছত ৰাজ্যসভাৰ মুঠ ছয়খনকৈ আসনৰ ভিতৰত পাঁচখন আসন খালী হৈ পৰে।
এই আসন সমূহৰ ভিতৰত অসমৰ আসনখন পূৰ কৰিবলৈ, নিৰ্বাচন আয়োগে অহা ৪ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ থিৰাং কৰে। ১৫ ছেপ্তেম্বৰত জাৰি কৰা হ’ব নিৰ্বাচনৰ অধিসূচনা। প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ ছেপ্তেম্বৰত। ৪ অক্টোবৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটদান।