আজি বিয়লি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা বিশেষ সিদ্ধান্তসমূহ হ’ল- –
১.কাৰ্বি আংলঙৰ দিল্লাই আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী জোৱান বৰসিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি ।২১ জুনৰ নিশা বৰছিঙে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল।
২.কোনো অনুষ্ঠানক চৰকাৰী মাটি আৱণ্টন দিয়া প্ৰক্ৰিয়া পূৰ্বৰ LAC ব’ৰ্ডৰ সলনি এতিয়া প্ৰত্যক্ষভাৱে জিলা উপায়ুক্তই লব পাৰিব।কেৱল গ্ৰাম্য অঞ্চলতহে এই নিয়ম প্ৰযোজ্য হব।
৩.হাতী- মানুহৰ সংঘাতত মৃত্যু বৰণ কৰা লোকৰ এককালীন সাহায্য চৰকাৰে হস্তক্ষেপ নকৰাকৈ প্ৰত্যক্ষভাৱে মুখ্য বন সংৰক্ষকে প্ৰদান কৰিব পাৰিব।
৪.যদিহে অ’ইল আৰু অ’ এন জি চিয়ে কোনো লোকৰ মাটি অধিগ্ৰহণ কৰে তেতিয়া চহৰ অঞ্চলৰ পৰা ১০ কি. মি. পৰ্যন্ত মাটিৰ মূল্যৰ ওপৰত ১২ লাখ টকা ক্ষতিপূৰণ আদায় দিব লাগিব।
৫. আনহাতে ক্ষুদ্ৰ ঋণসমূহ মাফ কৰি দিয়া হ’ব বুলিও আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।