আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।মূখ্য সিদ্ধান্তসমূহ হ’ল- – –
১)সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ পৰা চাব ইন্সপেক্টৰ পদ পৰ্যন্ত লাভ কৰিব ১মাহৰ বাধ্যতামূলক ছুটি ।পৰিয়ালৰ লগত থকা লোকক ১০ দিনৰ চুটি ।
২)অনলাইন শিক্ষাৰ সুবিধাৰ্থে সকলো অঞ্চলতে মোবাইল টাৱাৰ নিৰ্মাণ।জিলা উপায়ুক্ত আৰু তথ্য প্ৰযুক্তি বিভাগক ইয়াৰ দায়িত্ব অৰ্পণ।
৩)কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰিবলৈ তিনিজনীয়া সমিতি গঠন কৰা হয়।
সমিতিৰ সদস্য সকল- – চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰণোজ পেগু।
৪) সুলভ মূল্যৰ দোকানসমূহে বিনামূলীয়া চাউল যোগানৰ বাবদ পূৰ্বতে প্ৰতি কুইণ্টলত লাভ কৰা ১০০ টকা ১০ পইছাৰ সলনি এতিয়াৰ পৰা ১৪৩ টকাকৈ প্ৰতি কুইণ্টলত কমিছন লাভ কৰিব।সমবায় সমিতিয়ে বছৰত ৫ লাখ টকাৰ অনুদান লাভ কৰিব।সুলভ মূল্যৰ সামগ্ৰীৰ পৰিৱহনৰ দায়িত্ব লাভত অগ্ৰাধিকাৰ পাব সমবায় সমিতিসমূহে।
৫)চৰকাৰী পৃষ্ঠপোষকতাত চিপাঝাৰৰ গৰুখুঁটিৰ ৭৭ হেজাৰ বিঘা মাটিৰ কৃষি কৰ্ম পৰিচালনা কৰাৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যদা প্ৰদান কৰা হয়।