অসমত ১০ মাৰ্চৰ পূৰ্বেই পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এখন বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
উল্লেখ যে, কেবিনেটৰ অন্তত এই বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত অৱগত কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে বৈঠকৰ এই প্ৰস্তাৱ মৰ্মেই ১০ মাৰ্চৰ পূৰ্বে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰে নিৰ্বাচন আয়োগক অনুৰোধ জনাব ।