বুধবাৰে পাহাৰীয়া ঐতিহাসিক ডিমা হাছাও জিলাৰ হাফলং চহৰত অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ কেবিনেট বৈঠক । ইতিমধ্যে সাজু হৈ উঠিছে হাফলংবাসী ৷ দিনৰ ২.৩০ বজাৰ পৰা ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক ৷
এই কেবিনেট বৈঠকৰ বাবে আটকধুনীয়াকৈ তোলা হৈছে ডিমা হাছাওৰ সদৰ চহৰ হাফলং । মঙলবাৰে নিশা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শক্তিমন্ত্ৰী বিমল বৰা, পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আদিকে ধৰি বহু মন্ত্ৰী উপস্থিত হৈছে হাফলঙত ৷
উল্লেখ যে, দিছপুৰৰ বাহিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এইখন তৃতীয় কেবিনেট বৈঠক ৷
আনআজি অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ ক’ভিড পৰিস্থিতি সম্পৰ্কে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, বুধবাৰে পুৱা হেলিকপ্টাৰেৰে লংকাত উপস্থিত হৈ লংকাৰ পৰা পথেৰে প্ৰায় ১.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাফলঙত উপস্থিত হ’ব ৷
বুধবাৰে অনুষ্ঠিত হ’ব লগা এই কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ ক’ভিড পৰিস্থিতি সম্পৰ্কে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।