এইবাৰ বুধবাৰৰ সলনি মঙলবাৰেই অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
ৰাজ্যৰ সাহিত্য- সংস্কৃতি আৰু সমাজ জীৱনৰ বাবে বিশেষ তাৎপৰ্য বহন কৰা সেই সিদ্ধান্তসমূহ:-
১)অসম চৰকাৰৰ নিজস্ব উদ্যোগত প্ৰতি বছৰে এগৰাকী ব্যক্তিক অসম ৰত্ন, তিনিগৰাকী ব্যক্তিক অসম বিভূষণ, পাঁচ গৰাকী ব্যক্তিক অসম ভূষণ আৰু দহ গৰাকী ব্যক্তিক অসমশ্ৰী সন্মান প্ৰদান কৰা হ’ব। লগতে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ ওপজা দিনৰ দিনা অৰ্থাৎ ৭ ডিচেম্বৰ তাৰিখে সাহিত্য ক্ষেত্ৰৰ বঁটা সমূহ(সাহিত্যিক পেঞ্চনকে আদি কৰি), অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনা ক্ৰীড়া ক্ষেত্ৰৰ বঁটাসমূহ আৰু ‘শিল্পী দিৱস’ ৰ দিনা সাংস্কৃতিক ক্ষেত্ৰৰ বঁটা সমূহ চৰকাৰে প্ৰদান কৰিব। বঁটা প্ৰদানৰ ৭ দিন পূৰ্বে বঁটাপ্ৰাপকৰ নামসমূহ ঘোষণা কৰা হ’ব।
২) ঐতিহাসিক বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পৰ লগত সংযোজিত কৰিবৰ বাবে অতিৰিক্ত প্ৰায় ৩৫ বিঘা মাটিৰ আবণ্টন দিয়া হ’ব।অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই প্ৰকল্প মাহেকত এবাৰ পৰিদৰ্শন কৰিবৰ পৰামৰ্শ দিয়ে কেবিনেটে।
৩) প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ বানপানীত ক্ষতিগ্ৰস্ত কোনো অনুষ্ঠান তৎকালীনভাৱে পুন:নিৰ্মাণৰ বাবে জিলাৰ উপায়ুক্তক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হ’ব। উপায়ুক্তৰ লগতে পৰিস্থিতিৰ পৰ্যালোচনা কৰিব জিলাৰ অভিভাৱক মন্ত্ৰীয়ে।
৪)অহা ১২ জুলাইৰ পৰা নৱনিৰ্বাচিত অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ’ব।
৫)অসমৰ সকলোবোৰ চৰকাৰী কাৰ্য্যালয়ত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আলোকচিত্ৰ ৰখা হ’ব।
৬) ছিপাঝাৰ সমষ্টিৰ গৰুখুটিৰ চৰকাৰী ভুমি খেতিৰ উপযোগী কৰাৰ বাবে এখন কৃষি পৰ্যালোচনা কমিটী গঠন কৰা হ’ব। এই কমিটীৰ সভাপতিৰ দায়িত্ব বহন কৰিব বিধায়ক পদ্ম হাজৰিকাই ।লগতে সাংসদ দিলীপ শইকীয়া,বিধায়কদ্বয় মৃণাল শইকীয়া আৰু পৰমানন্দ ৰাজবংশীয়ে গ্ৰহণ কৰিব কমিটীখনৰ বিশেষ দায়িত্ব।
৭)কয়লা চিণ্ডিকেট ৰোধৰ বাবে পৰীক্ষামূলকভাৱে মুখ্যমন্ত্ৰী,বিত্তমন্ত্ৰী আৰু পৰিৱহন মন্ত্ৰীৰ পৰ্যবেক্ষণত অহা ৩১ মাৰ্চলৈ বৰাক উপত্যকাৰ দীঘৰখাল, শ্ৰীৰামপুৰত কয়লা ট্ৰাকসমূহ পৰীক্ষা কৰা হ’ব যাতে কোনো ট্ৰাকে অতিৰিক্ত কয়লা বহন কৰি চলাচল কৰিব নোৱাৰে। আনহাতে ছাগলীয়াৰ প্ৰৱেশ পথেৰে এতিয়াৰে পৰা কোনো কয়লাৰ ট্ৰাক অহা-যোৱা কৰিব নোৱাৰিব।