মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।সিদ্ধান্তসমূহ এনেধৰণৰ-
● এতিয়াৰে পৰা সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ হ’ব। ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হ’ব সকলো চৰকাৰী কাৰ্যসূচী।
● চৰকাৰৰ সকলো সভা-সমিতিত হাতে বোৱা গামোচা ব্যৱহাৰ কৰা হ’ব
আনহাতে সকলো চৰকাৰী অনুষ্ঠানতে অভ্যাগতক থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ’ব।
● দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটোক ‘দেশভক্ত’ দিৱস হিচাপে পালন কৰা হ’ব।
● লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক ‘কৰ্মচাৰী দিন’ হিচাপে পালন কৰা হ’ব।
‘● কৰ্মচাৰী দিন’ত প্রতিখন জিলাৰ ৫ গৰাকীকৈ কৰ্মচাৰীক সন্মানিত কৰা হ’ব।আনহাতে ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ’ব।
● সম্পূৰ্ণ লকডাউন হোৱা জিলাত ৩দিন অভিভাৱক মন্ত্রী উপস্থিত থাকিব।
● টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হয়। অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা জীৱনজোৰা হ’লেও সংস্থাপনৰ ক্ষেত্ৰত চাকৰিৰ ঊৰ্ধ্ব সীমা প্রযোজ্য হ’ব।
● বিদ্যুৎ বিল প্ৰদান কৰাৰ NOC নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব।
● জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব।
● আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব।