অসমৰ বিজ্ঞান প্ৰযুক্তি আৰু ইলেকট্ৰনিকছৰ ক্ষেত্ৰখনৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনৰ উন্নয়নত কানাডা চৰকাৰে সহায়ৰ ওপৰত আগবঢ়াব। এই কথা সদৰি কৰিছে কানাডা চৰকাৰৰ ইলেকট্ৰনিকছ উন্নয়ন বিভাগৰ মন্ত্ৰী ভিক্টৰ ফেডালিৰ। পহিলা জুলাইত কানাডা চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে অসম চৰকাৰৰ অধীনৰ আসাম ইলেকট্ৰনিকছ ডেভলপমেণ্ট কৰ্পৰেচন লিমিটেড চমুকৈ এমট্ৰণৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা আৰু উপাধ্যক্ষ ঋতু বৰণ শৰ্মাৰ নেতৃত্বত যোৱা চাৰিজনীয়া সজাতি দলৰ সৈতে হোৱা বৈঠকত ভাগ লৈ এইদৰে সদৰি কৰে কানাডাৰ মন্ত্ৰী ভিক্টৰ ফেডালিয়ে। উল্লেখ্য যে কানাডা চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে জুন মাহৰ শেষৰ সপ্তাহত দেশখনত সপ্তাহযোৰা ভ্ৰমণসূচীৰে উপস্থিত হৈছে এমট্ৰণৰ চাৰিজনীয়া উচ্চ পৰ্যায়ৰ এটা সজাতি দল। দলটোৰ বাকী দুজন সদস্যা হল ক্ৰমে – এমট্ৰণৰ প্ৰবন্ধক শ্যামল ভূঞা আৰু কাৰিকৰী বিষয়া জিতু ডেকা। অহা ৮ জুলাইত চাৰিজনীয়া দলটো আহি গুৱাহাটীত উপস্থিত হব। ইফালে ৬ জুলাইলৈকে কানাডাত চলিবলগীয়া বৈঠকত ভাৰতৰ কেবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এমট্ৰণৰ দৰে সংগঠনেও ভাগ লৈছে।
কানাডাৰ মন্ত্ৰী ভিক্টৰ ফেদালিয়ে ইলেকট্ৰনিকছৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ( Artificial intelligence ) ক্ষেত্ৰখনতো এমট্ৰণক সহায়ৰ হাত আগবঢ়াব। এই পদক্ষেপৰ অংশ হিচাপে অহা ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া বঙৰাত থকা এমট্ৰণৰ অধীনত পৰিচালিত “টেকচিটি” চৌহদ পৰিদৰ্শনৰ বাবে আহিব কানাডাৰ ইলেকট্ৰনিকছ উন্নয়ন বিভাগৰ এটা কাৰিকৰী বিশেষজ্ঞৰ দল। ইফালে কানাডাৰ ইলেকট্ৰনিকছ উন্নয়ন বিভাগৰ অধীনত দেশখনত চলি থকা এই সম্পৰ্কীয় আলোচনা চক্ৰ আৰু বি টু বি বৈঠকতো ভাগ লৈছে এমট্ৰণৰ সজাতি দলটোৱে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে কানাডাস্থিত ভাৰত চৰকাৰৰ কনচুল জেনেৰেল অপৰভা শ্ৰীবাস্তবে। আলোচনা চক্ৰ আৰু বৈঠক সমূহত ভবিষ্যতৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, নতুন প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ – প্রয়োগৰে মানৱ জাতিৰ কল্যাণ, নিয়োগৰ ক্ষেত্ৰখনত হব পৰা ইতিবাচক পদক্ষেপ, নতুন নিয়োগ সৃষ্টি আদি বিষষ়সমূহৰ ওপৰত মত – বিনিময় কৰা হৈছে।