কানাডাৰ House of Commonৰ জুম কনফাৰেঞ্চ কলৰ সময়ছোৱাত এগৰাকী সাংসদক প্ৰত্যক্ষ কৰা গ’ল নগ্ন অৱস্থাত।
ভাৰ্চুৱেল ছেছনৰ সময়তে লিবেৰেল সাংসদ উলিয়াম অমাছৰ লেপটপৰ কেমেৰা অন হ’ল আৰু তেওঁক আন সাংসদৰ স্ক্ৰীণত নগ্ন অৱস্থাত দেখা গ’ল।
দ্যি কানাডিয়ান প্ৰেছে লাভ কৰা এখন স্ক্ৰীণশ্বটত তেওঁ এখন ডেস্কৰ পাছফালে থিয় হোৱা অৱস্থাত দেখা গৈছে আৰু তেওঁৰ গুপ্তাংগ সম্ভৱতঃ এটা মোবাইল ফোনেৰে ঢাকি থোৱা আছিল।
এই ঘটনাটো ৰাজহুৱা হোৱাৰ পিছত বুধবাৰে সাংসদগৰাকীয়ে টুইট কৰি ক’লে যে,’মই আজি সঁচাকৈয়ে দুৰ্ভাগ্যজনক ভুল কৰিছো আৰু এই কাৰ্যত মই যথেষ্ট লজ্জিত।
জগিঙৰ পিছত কাম কৰা স্থানতে মই কাপোৰ সলনি কৰি আছিলো আৰু তেতিয়াই মোৰ কেমেৰা অন হৈ গৈছিল।
মই নিষ্ঠাৰে সদনত নিজৰ সহযোগীসকলক ক্ষমা খুজিছো।
ভুলতে ভুল হৈছিল মোৰ আৰু দ্বিতীয়বাৰলৈ নহয়।
বিৰোধী দলৰ সাংসদে কৰিলে চৰ্চা
বিৰোধী দল Block Québécoisৰ সাংসদ ক্লাউডেই এই ঘটনাক সংসদত উত্থাপন কৰে আৰু পৰামৰ্শ প্ৰদান কৰে যে,
পুৰুষ সাংসদসকলে সংসদীয় মৰ্যাদাৰে বস্ত্ৰ পৰিধান কৰিব লাগে।
তেওঁ ক’লে যে সাংসদসকলে ট্ৰাউজাৰ, আণ্ডাৰবিয়েৰ ছাৰ্ট, জেকেট আৰু টাই পৰিধান কৰিব লাগে।
ক্লাউডেই ক’লে যে, মই ভাবো যে সদস্যসকলে এইটো ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু কেমেৰা ভালদৰে নিয়ন্ত্ৰণ কৰিব লাগে।
Photo Credit: TeckSpot