লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ। এটি ১৩ বছৰীয়া কিশোৰক বিস্কুট চোৰ কৰি খোৱাৰ অপৰাধত অতি নিৰ্মম আৰু নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈয়ে।
লাঘৰীঘাট আৰক্ষীয়ে জব্দ কৰা এখন বাহন থানা চৌহদত ৰখাই থোৱাৰ অৱস্থাতে কিশোৰটিয়ে বাহনখনৰ পৰা চোৰ কৰি বিস্কুট খাইছিল আৰু এই অপৰাধৰ বাবেই উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈয়ে কিশোৰটিক থানাৰ ভিতৰলৈ নৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল।
এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছিল। এইগৰাকী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে গুৱাহাটীৰ পাণ্ডুৰ মানৱ অধিকাৰ কৰ্মী মনোজিত সিংহই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এক গোচৰ ৰুজু কৰিছে। গোচৰ নম্বৰ হৈছে ১১০/৩/২৩/২০২২।