পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ২ গৰাকী মন্ত্ৰী, এজন প্ৰাক্তন মন্ত্ৰী আৰু এগৰাকী বিধায়কৰ বিৰুদ্ধে CBI কঠোৰ হৈ পৰিছে।
সোমবাৰে পুৱা TMCৰ মন্ত্ৰী ফিৰহাদ হকীম, সুব্ৰত মুখাৰ্জী, টিএমচিৰ বিধায়ক মদন মিত্ৰা, প্ৰাক্তন মন্ত্ৰী ছোৱন চেটাৰ্জীক গ্ৰেপ্তাৰ কৰে CBIয়ে।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও CBIৰ কাৰ্যালয়ত উপস্থিত হয়। CBIয়ে এই চাৰিওজনকে নাৰদা কেলেংকাৰী সন্দৰ্ভত সোধা-পোছা কৰিব।
নাৰদা কেলেংকাৰীত মন্ত্ৰী ফিৰহাদ হকীম গ্ৰেপ্তাৰ
উল্লেখ্য CBIৰ এটা দল আজি পুৱা ফিৰহাদ হকীমৰ ঘৰত উপস্থিত হয় আৰু মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। CBIৰ এটা দলৰ সৈতে আছিল CRPFৰ জোৱানো।
মদন মিত্ৰা আৰু ছোবন চেটাৰ্জীক সোধা-পোছা অব্যাহত
ইয়াৰোপৰি TMCৰ বিধায়ক মদন মিত্ৰা আৰু প্ৰাক্তন মন্ত্ৰী ছোবন চেটাৰ্জীকো CBIয়ে সোধা-পোছা অব্যাহত ৰাখিছে।
Photo: Google