দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে অনুষ্ঠিত হবলগীয়া বোৰ্ড পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে ক’ৰোনা সংক্ৰমিত হোৱাৰ বাবে ব্যৱহাৰিক পৰীক্ষা দিব নোৱাৰিব তেওঁলোকৰ বাবে ১১ জুনৰ ভিতৰত পুনৰ ব্যৱহাৰিক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিছে।
CBSE য়ে বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা।
লগতে বিদ্যালয় সমূহক সঠিক সময়ত ক’ৰোনা সংক্ৰমিত ছাত্ৰ ছাত্ৰী সমূহৰ বাবে ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।
ক’ৰোনা সংক্ৰমণৰ বৰ্ধিত ৰূপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে CBSE য়ে।
CBSE ৰ পৰীক্ষা নিয়ন্ত্ৰক সনাম ভৰদ্বাজে জনাই যে,
যদি কোনো পৰীক্ষাৰ্থী ব্যৱহাৰিক পৰীক্ষাত নিজৰ বা পৰিয়ালৰ কোনো লোকৰ ক’ৰোনা সংক্ৰমণ হোৱা বাবে উপস্থিত নাথাকে।
তেতিয়া বিদ্যালয় খনে ১১ জুনৰ ভিতৰত আঞ্চলিক কৰ্তৃপক্ষৰ লগত আলোচনা কৰি উপযুক্ত সময়ত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব।
Photo Credit: Google