দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
আগন্তুক CBSC ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত কৰা হল।
CBSC ৰ পৰীক্ষা সন্দৰ্ভত আজি অনুষ্ঠিত হৈছিল এক বৈঠক তাৰ পিছতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰে এই সিদ্ধান্ত।
দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল বস্তুনিষ্ঠ চৰ্তৰ আধাৰত প্ৰস্তুত কৰা হব।
তাৰ উপৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে ১জুনত এক বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব দিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে।
Photo Credit: Google