ONGCৰ ৩ গৰাকী কৰ্মচাৰীক আলফা(স্বাধীন)য়ে অপহৰণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল। বিগত ২১ মে’ত লাকুৱাস্থিত অ’এনজিচিৰ এটা ৱৰ্কঅভাৰ ৰিগৰ পৰা তিনিজন কৰ্মচাৰীক কৰ্মৰত অৱস্থাৰ পৰাই অপহৰণ কৰিছিল। আৰু এতিয়া এই অপহৰণ কাণ্ডৰ পিছতে গা লৰিছে অ’এনজিচি কৰ্তৃপক্ষৰ। অপহৰণে শিকালে ইমানদিনে নকৰা কাম সম্ভৱ কৰি তুলিবলৈ।
৩ কৰ্মচাৰীক অপহৰণ কৰা কাণ্ডৰ পিছত পৰৱৰ্তী সময়ত তাৰে দুজন কৰ্মচাৰীক অসম ৰাইফলছ আৰু ভাৰতীয় সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু আন এজন অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।
কিন্তু শুকুৰবাৰে অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়ে আলফা(স্বাধীন)য়ে। বিগত কেইবাটাও দিনত আলফাই সেনা বাহিনীক, আৰক্ষীয়ে আলফাৰ ফালে আঙুলি টোৱাইছিল ৰিতুল শইকীয়াক নিজৰ জিম্মাত ৰখাৰ কথাক লৈ। কেইদিনমান পূৰ্বে আলফা ভুল বিবৃতিও প্ৰকাশ কৰিছিল ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত নথকাৰ কথা। কিন্তু পিছত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই কথা স্বীকাৰ কৰিছিল যে, ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত আছে। আৰু অৱশেষত তেওঁক মুকলি কৰি দিয়ে আজি।
কিন্তু ONGCৰ ৩ গৰাকী কৰ্মচাৰীক অপহৰণ কৰা কাণ্ডৰ পিছতে পোহৰলৈ আহিছিল অ’এনজিচিৰ সুৰক্ষাৰ ফোঁপোলা স্বৰূপটো ৷ ঘন জংঘলৰ মাজত চাৰিবেৰ নথকা এক পৰিত্যক্ত স্থানত নিজ কৰ্তব্য সমাপন কৰি আহি আছে অ’এনজিচি কৰ্মচাৰীসকলে ৷ সুৰক্ষাৰ নামত আছিল কেৱল দুজন গৃহৰক্ষী বাহিনীৰ জোৱান।
কিন্তু অপহৰণ কাণ্ডটো সংঘটিত হোৱাৰ পিছতে চকু খুলিল অ’এনজিচি কৰ্তৃপক্ষৰ।
অপহৰণ কাণ্ডৰ প্ৰায় এমাহ পাৰ হৈ যোৱাৰ পিছত অ’এনজিচি কৰ্তৃপক্ষই এতিয়া ৱৰ্কঅভাৰ ৰিগসমূহত চিচিটিভি সংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে অ’এনজিচিৰ আঠটা ৱৰ্কঅভাৰ ৰিগত চিচিটিভি কেমেৰা স্থাপনৰ বাবে নিবিদা আহ্বান কৰিছে।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, পূৰ্বে অ’এনজিচি কৰ্তৃপক্ষই এই পদক্ষেপ কিয় গ্ৰহণ নকৰিলে? কৰ্মচাৰীক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব ইমানদিনে কিয় গ্ৰহণ নকৰিলে?
Photo: Google