গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানে (জি আই পি এছ ) শিক্ষাৰ লগতে গৱেষণাৰ ক্ষেত্ৰখনত আগবঢ়াই অহা উল্লেখনীয় অৱদানৰ স্বীকৃতি স্বৰূপে শেহতীয়াভাৱে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে গৱেষণাৰ শিতানত এক অভিলেখ সংখ্যক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিষ্ঠানখনৰ প্ৰাধ্যাপক ড: ভানুপ্ৰতাপ চাহুৰ নেতৃত্বত একে প্ৰতিষ্ঠানতে কৰ্মৰত অধ্যাপক ড: জোনমণি কলিতা,ড: ডামিকী লালু, ঈশ্বৰ হাজৰিকা, ভৃগু কুমাৰ দাস,ড: অনুপম শৰ্মাকে ধৰি মুঠ ৬ জনীয়া প্ৰকল্প প্ৰায়োগিক দল এটাৰ অধ্যাৱসায়ৰে নিৰ্মিত এটি প্ৰকল্পৰ ৰূপৰেখা যোৱা ১৭ জানুৱাৰীত অনুষ্ঠিত হৈছিল। অনলাইন মাধ্যমেৰে হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰত প্ৰতিষ্ঠানখনিৰ অধ্যক্ষ, অধ্যাপক গৌৰাংগ দাসে দলটিৰ হৈ উপস্থাপন কৰে।
ফলস্বৰূপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অনুসন্ধান আৰু বিকাশ সংমণ্ডলৰ দ্বাৰা ঘোষণা হোৱা শেহতীয়া তথ্যমতে প্ৰতিষ্ঠানখনে ১.১০ কোটি টকা চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হয়।
এই খবৰে স্বাভাবৱিকতে প্ৰতিষ্ঠানখনিৰ শিক্ষক সমাজ, সমূহ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীবৃন্দ সকলোকে উৎফুল্লিত কৰি তুলিছে। উল্লেখযোগ্য যে ফাৰ্মাছী শিক্ষাৰ গৱেষণাৰ ক্ষেত্ৰখনত উত্তৰ-পূব ভাৰতৰ ভিতৰতে গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠান খনে ভাৰত চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ ( DIST-FIST) তথা অনুসন্ধান আৰু বিকাশ সংমণ্ডলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান হিচাপে উজলি উঠিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ , অধ্যাপক গৌৰাংগ দাসে সদৰি কৰা অনুসৰি স্হানীয় ভাৱে সহজলভ্য বন-ঔষধি উদ্ভিদ সমূহৰ পৰা নিষ্কাশিত পদাৰ্থসমূৰ দৰবীয় গুণাগুণৰ পৰীক্ষামূলক গৱেষণা তথা কৰ্কট ৰোগৰ নিৰাময়ত ইয়াক ব্যৱহাৰিক ৰূপ দিবলৈ সূদূৰপ্ৰয়াসী পৰীক্ষামূলক গৱেষণাৰ বাবে এই বৃহৎ পৰিমাণৰ ৰাশিক ব্যৱহাৰ কৰা হ”ব।