ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ চৰকাৰে বৃহৎ ঘোষণা কৰে।
পুনৰ দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া ৰেচন দিয়াৰ কথা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ আধাৰত ৰেচন কাৰ্ড থকাসকলে মে’ আৰু জুন মাহত প্ৰতিগৰাকী লোকে ৫ কেজিতকৈ অধিক চাউল আৰু আটা লাভ কৰিব।
कोरोना के बढ़ते प्रभाव को देखते हुए ₹26,000 करोड़ से प्रधानमंत्री गरीब कल्याण योजना के अंतर्गत दो महीने तक 5 किलो अनाज देने के निर्णय पर @narendramodi जी का अभिनंदन करता हूँ। इससे देश के करीब 80 करोड़ लोगों को लाभ मिलेगा। मोदी सरकार इस आपदा में हर कदम देशवासियों के साथ खड़ी है।
— Amit Shah (Modi Ka Parivar) (@AmitShah) April 23, 2021
৮০ কোটি লোকৰ লাভ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে টুইটাৰযোগে জনায় যে,
‘ক’ৰোনাৰ প্ৰভাৱ বৃদ্ধি হোৱাক লক্ষ্য কৰি ২৬,০০০কোটি টকাৰ পৰা প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ অন্তৰ্গত ২ মাহলৈ ৫ কেজি অন্ন দিয়াৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছো।
ইয়াৰ জৰিয়তে প্ৰায় ৮০ কোটি লোকৰ লাভ হ’ব।
Photo: Google