অতি শীঘ্ৰে দেশত প্ৰযোজ্য হ’বলৈ গৈ আছে এক নতুন নিয়ম ৷
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত পিছত ফাষ্টেগ নলগোৱা বাহনে ভৰিব লাগিব জৰিমণা।
উল্লেখযোখ্য যে সকলো বাহনৰ বাবে ফাষ্টেগ বাধ্যতামূলক কৰাৰ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দি এক জাননীযোগে এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰৰ জাননী অনুসৰি, চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পিছত ফাষ্টেগৰ জৰিয়তেহে সংগ্ৰহ কৰা হ’ব ধন।
নগদ ধনৰ লেন-দেন বন্ধ কৰি ইতিমধ্যে টোল-প্লাজাসমূহ ফাষ্টেগ ক্ৰয়ৰ বাবে মুকলি কৰি দিয়া হৈছে।
তদুপৰি,বেংকৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ফাষ্টটেগ। পেটিএম বা এমাজনেও ৰাখিছে ফাষ্টটেগ ক্ৰয়ৰ সুবিধা।