আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম–মেঘালয় সীমা সমস্যা সমাধানৰ বাবে অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী । আলোচনাত অংশগ্ৰহণ কৰিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। চাৰিদিনৰ বাবে অসমৰ বাহিৰত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিন দিল্লীত থাকিব মন্ত্ৰীগৰাকী লগতে ৯, ১০ ফেব্ৰুৱাৰীত মণিপুৰত কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে।