সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গই আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত আলোচনা কৰে৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া-কৰ্মচাৰীসকলৰ বাবে যিসমূহ সুবিধাৰ প্ৰস্তাৱ কৰা হৈছে সেই সম্পৰ্কে পৰিষদৰ বিষয়ববীয়াসকলক অৱগত কৰি তেওঁলোকৰ মতামত জনাবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যিক বিষয়া-কৰ্মচাৰীৰ কল্যাণৰ বাবে অসম চৰকাৰ দায়বদ্ধ৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া বা কৰ্মচাৰী এজনৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ ক্ষেত্ৰত একাধিক কতৃৰ্পক্ষৰ অনুমোদনৰ ব্যৱস্থা আদি আঁতৰাই ক্ষিপ্ৰতাৰে সময় নিৰ্ধাৰিতভাৱে ধনৰাশি আদায়ৰ প্ৰস্তাৱ কৰা হৈছে৷ তেনেদৰে এই নতুন সৰলীকৃত ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধাসমূহ প্ৰদানৰো প্ৰস্তাৱ কৰা হৈছে৷
তদুপৰি আজিৰ এই বৈঠকত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আবেদনমৰ্মে বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰ ৰোলৰ প্ৰায় ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই দিয়াৰ বাবে বিত্ত বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷
সদৌ অসম কৰ্মচাৰী পৰিষদে ২৪ আগষ্টত ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ এগৰাকী কৰ্মচাৰীক শাৰীৰিক ভাৱে অপদস্ত কৰাৰ বিষয়টোও এই সাক্ষাতত মুখ্যমন্ত্ৰীক অৱগত কৰায়।উল্লেখ্য যে ২৪ আগষ্ট, বুধবাৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত সংগঠনটোৱে কয় যে-কেইমাহ মান পূর্ব্বে উচ্চ পদস্থ বিষয়াৰ ককৰ্থনা সহ্য কৰিব নোৱাৰি অসম সচিবালয়ৰ এগৰাকী জ্যেষ্ঠ প্রশাসনীয় সহায়কে আত্মহত্যা কৰিছিল। পৰবৰ্তী সময়ত পৰিবহন আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই সামান্য অজুহাততে পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক শাৰিৰীক ভাবে অপদস্থ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰি কাৰ্যালয়ৰ পৰিবেশ বিনস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
২৪ আগষ্টত পুনৰ ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে খোদ জনতা ভৱনত বিভূতি ভট্টাচাৰ্য্য নামৰ বিশেষভাৱে সক্ষম কণিষ্ঠ সহায়কক কার্যালয় কক্ষত সামান্য অজুহাতত শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ উপৰিও অভব্য আচৰণেৰে কাৰ্যালয়ৰ পৰিবেশ বিনস্ত কৰাত সদৌ অসম কৰ্মচাৰী পৰিষদে বিধায়কৰ এনে লজ্জাজনক কাণ্ডক তীব্ৰ গৰিহনা দিছে। এনেকুৱা পৰিস্থিতিৰ বাবে জনপ্রতিনিধি আৰু কৰ্মচাৰীৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা হৈছে। এই ক্ষেত্ৰত মাননীয় মুখ্য মন্ত্ৰী আৰু বিধান সভাৰ অধ্যক্ষক ইয়াৰ উচিত তদন্ত কৰি তৎকালিনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
আজিৰ এই বৈঠকত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সিদ্ধাৰ্থ সিঙকে প্ৰমুখ্য কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷